Tuesday 21 February 2012

বৈধব্য



সাগৰৰ উন্মত্ত জলৰাশি
উটুৱাই নিলে ৰঙা বেলি
উকা হৈ ৰ'ল আকাশ ।

Saturday 4 February 2012

ক্রমাৎ...




ৰিক্ত জীৱন সিক্ত হৃদয়
সুখত সুখ দুখত অসুখ
যৌৱনৰ ঢৌ যন্ত্রণাৰ মৌ
চলি আছে চলিব
অশ্রু প্লাবনত
হৃদয় এখন খহিব ।
 

Saturday 17 December 2011

শিৰোনামা : ভূপেন দা


     

         (১)
ভূপেন দা আমাৰ প্রাণত
আমি  ভূপেন দাৰ গানত ।

          (২)
ভূপেন দা এখনি নৈ
এই নৈ থাকিব বৈ
চিৰকাল সমন্বয়ৰ নাম লৈ ।


        (৩)
কৃষ্টি-সংস্কৃতিৰ টান
কথা নকয় ভূপেন দাই
গায় মাথো মানবতাৰ গান ।

        (৪)
ভূপেন দাৰ কবিতা
সূর্য় উঠা দেশৰ মানুহৰ
জীৱন শলিতা ।


        (৫)
ভূপেন দায়ে মিছা ক'লে
তেওঁ নহয় যাযাবৰ
লুইতৰ পৰা ভল্গা
অটোৱাৰপৰা পেৰিচ ব্যাপি
তেওঁৰ ঘৰ
তেওঁ নহয় যাযাবৰ
বিশ্ব-নাগৰিক অসমৰ ।


       (৬)
ভূপেন দা মাথো এজন ব্যক্তি নহয়
যি ব্যক্তি নহয়
তেওঁৰ মৃত্যু কেনেকৈ হয় ।


Friday 19 August 2011

তাই যে সাঁতুৰিব জানে






মোৰ হৃদয় পুখুৰীত 
তাই গা ধোৱে
পুখুৰীৰ পাৰত 
এখন এখনকৈ খুলি থয়
দেহৰ সকলো্বোৰ কাপোৰ 
মনে মনে সো্মাই যায় 
পুখুৰীটোৰ মাজভাগলৈ
চলাই যায় তাণ্ডব 
গা ধোৱাৰ অন্তত
শোকে খুন্দা মাৰি দিয়ে
পানীবোৰ বৈ যায় ...
তাইৰ কিন্তু একো্কে নহয়
তাই যে সাঁতুৰিব জানে ।



মদিৰা







প্রেম মোৰ জীৱনৰ মদিৰা
কবিতা মদিৰা পি খোৱা গিলাচ

বাৰে বাৰে পৰো প্রেমত
জমা কৰি থও মদিৰাবোৰ
বাৰে বাৰে প্রতাৰিত হও
মদিৰাবোৰ ঢালি থও গিলাচত

যিয়ে মোক ভাল পায়
মই দিয়া গিলাচটো ভাল পায় 
মদিৰাবোৰ পি খায়

যিয়ে মোক ভাল পায়
মদিৰাবোৰ পি খাই ভাল পায়
মই দিয়া গিলাচটো সাঁচি থয় ।

মকৰা







সৌ মকৰা বোৰে জাল গুঠিছে
এডাল এডালকৈ টানি আছে সূতা

আমাৰ দৰে পতংগবোৰক জালত পেলাই 
নিজৰ স্বা্ৰ্থ সিদ্ধিৰ বাবেই 
সিঁহতে জাল গুঠে
সিঁহতৰ ঠেংবোৰৰ দৰে 
সম্প্রসাৰিত সিহতৰ আকাঙখা
সিহতে ভাবি নাচায় এবাৰো
আমাৰ দৰে ক্ষুদ্র পতংগবোৰৰ কথা

সেয়েহে আমি ক্ষুদ্র পতংগবোৰে
এটি আন্দোলন কৰিব লাগে
স্বা্ৰ্থপৰ মকৰা বোৰৰ বিৰুদ্ধে
কিয়োনো-
আমি ক্ষুদ্রজীৱ হ'লেও
আমাৰো জীয়াই থকাৰ অধিকাৰ অছে
আমাৰো সপোন দেখাৰ অধিকাৰ অছে।

কবিতা বেয়া পোৱা জনলৈ





তুমি কবিতা বেয়া পোৱা
কবিতাই তোমাক ভাল পায়

তুমি কবিতা পঢ়ি ভাল নোপোৱা
কবিতাই তোমাক প্রায়েই পঢ়ে

তুমি কবিতা বুজিব নিবিচৰা
কবিতাই তোমাক বুজি পায়

তুমি কবিতা দেখিলে পলোৱা
কবিতাই তমাক বিচাৰি ফুৰে

তুমি কবিতাক উপলুঙা কৰা
কবিতাই তোমাক প্রশংসা কৰে

তুমি কবিতাৰ খবৰ নল'লেও
কবিতাই সদায় তোমাৰ খবৰ লয়

তুমি কবিতা বেয়া নাপাবা
কবিতাই তোমাক খুব ভাল পায় ।