Friday 19 August 2011

তাই যে সাঁতুৰিব জানে






মোৰ হৃদয় পুখুৰীত 
তাই গা ধোৱে
পুখুৰীৰ পাৰত 
এখন এখনকৈ খুলি থয়
দেহৰ সকলো্বোৰ কাপোৰ 
মনে মনে সো্মাই যায় 
পুখুৰীটোৰ মাজভাগলৈ
চলাই যায় তাণ্ডব 
গা ধোৱাৰ অন্তত
শোকে খুন্দা মাৰি দিয়ে
পানীবোৰ বৈ যায় ...
তাইৰ কিন্তু একো্কে নহয়
তাই যে সাঁতুৰিব জানে ।



1 comment:

  1. `.....তাইৰ কিন্তু একো্কে নহয়
    তাই যে সাঁতুৰিব জানে ।'
    অৱশ্যে তাই গৰ্ব কৰিব কৰিব পাৰে, কিয়নো সাঁতুৰিব জানে বাবেই পুখুৰীত নামে|

    ReplyDelete