Friday 19 August 2011

মৰম জানো কামিজৰ ছিগা বুটাম






তুমি আঁতৰি যোৱৰ দিনৰে পৰা 
নিঃসংগতাৰ সৈ্তে সংগ পাতি
পাৰ কৰি আছো দিন-ৰাতি

সমস্ত ভাল পোৱা তোমাৰ বুকুত গুজি দি
সৰ্বস্ব হেৰুওৱা মই উন্মাদ প্রেমিক 
শব্দৰ নিচাত ডুবি থকা মোৰ 
কবিতাৰ অমল উৎস - সোঁৱৰণী
এতিয়া নেদেখো মই সেউজীয়া সপো্ন
ভাঙিব পাৰে বহু আকাঙিখত টোপনি 

মৰম জানো কামিজৰ ছিগা বুটাম
প্রয়োজনত সি দিব পাৰি যিকোনো কামিজত
গাত ৰাখিব পাৰি কামিজটো নফটালৈকে ।

No comments:

Post a Comment