Friday 19 August 2011

আশ্রয়






তোমাৰ উৰ্বৰা বুকুত
সিঁচি দিছোঁ মই
সেউজীয়া সপোনৰ বীজ

তোমাৰ অভিমানৰ বন্যাৰে
উটুৱাই নিনিবা বীজবোৰ

গজিবলৈ দিয়া
লহ-পহকৈ বাঢ়িবলৈ দিয়া
সপো্নবোৰ
গা-গছ হবলৈ দিয়া

তো্মাৰ বুকুৰ স্তনযুগলত
সপোনৰ গছডাল শিপাবলৈ দিয়া
তেতিয়া সোণাৰু ফুলিব তাত
জিৰাব পাৰিম মই
সোণাৰু গছৰ তলত                    
তো্মাৰ বুকুৰ ওপৰত



No comments:

Post a Comment