Friday 19 August 2011

তোমাৰ সন্ধানত






মন গ'লেই এতিয়াও
খেপিয়াই খেপিয়াই
সন্ধান কৰোঁ
তোমাৰ অস্তিত্ব
মোৰ আধাপোৰা হৃদয়ত


এতিয়া উজাগৰী নিশা
তোমাৰ ধুনীয়া মুখাৱয়ব
শুই থাকে মোৰ স'তে
গাৰুটোৰ ওপৰত
জীপাল কৰি ৰাখে
সমগ্র নিশাটোকে ।

No comments:

Post a Comment