Friday 19 August 2011

মোৰ কবিতা হওক






মোৰ কবিতা হওক
মানবতাৰ সুবাসেৰে সুশোভিত
অনুভৱৰ শব্দৰ মালা
শান্তিকামী জনতাৰ মাজত
শান্তি বিলাই দিব পৰা কবিতা

মোৰ কবিতা হওক
ভোকাতুৰৰ আর্তনাদ
বন্ধ কৰিব পৰা
উদং গাৰে থকাসকলক
এটুকুৰা বস্ত্র দিব পৰা

মোৰ কবিতা হওক
সহস্র তৃষ্ণাতুৰ কৃ্ষকৰ
সেউজীয়া আশাৰ ঢল
শোষণমুক্ত সমাজৰ
এটি স্বতন্ত্র কবিতা ।

No comments:

Post a Comment