Friday 19 August 2011

প্রেমত নপৰাকৈ থাকোঁনো কি দৰে







প্রেমত নপৰাকৈ থাকোঁনো কি দৰে

প্রেমত নপৰাকৈ থাকোঁ বুলি ভাবিও
বাৰে বাৰে কিয় পৰো প্রেমত
নিজৰ হৃদয়খনক আঘাত নিদিম বুলি ভাবিও
বাৰে বাৰে কিয় আঘাত কৰো নিজৰ হৃদয়ক

প্রেম যদি প্রতাৰণাৰ নামান্তৰ হয়
প্রেম যদি ব্যৰ্থতাৰ ৰূপান্তৰ হয়
প্রেমৰ ফল সেউজীয়া নহৈ হালধীয়া হোৱাৰ পিছতো
বাৰে বাৰে কিয় সিচোঁ প্রেমৰ বীজ উৰ্বৰা হৃদয়ত

প্রেমে কি দিব পাৰে
প্রেমে কি নিব পাৰে
প্রেমে একো দিব নোৱাৰিলেও
প্রেমে একো নিব নোৱাৰিলেও
প্রেমে কিন্তু প্রেম দিব পাৰে
তোমাক
মোক
সিঁহতক
........
আমাক সকলোকে
সেয়েহে
প্রেমত নপৰাকৈ থাকোঁনো কি দৰে ?

No comments:

Post a Comment