Friday 19 August 2011

কেতিয়াবা সিহঁতে






কেতিয়াবা সিহঁতে
ভাঙি চুৰ মাৰ কৰি দিয়ে
জীয়া মানুহৰ সপোন
বোৱাই দিয়ে তেজৰ নদী
বাৰুদ ঢালি দিয়ে
পানী খোৱা পাত্রত
কাঢ়ি লৈ যায়
জীয়াই থকাৰ অধিকাৰ
স্বাধীনতাৰ কথা কৈ
নিঃশেষ কৰে স্বাধীনতা
শান্তিৰ আশ্বাস দি
ৰক্ত বিন্দু শুহি
কবৰ দিয়ে মানৱ্তা
এইদৰে সিহঁতে
লিখি যায় তেজেৰে
সভ্যতাৰ-
নে বর্বৰতাৰ ইতিহাস ?

No comments:

Post a Comment