Friday 19 August 2011

একমাত্র শান্তিৰ বাবে





শব্দ ভৰাঁলৰ পৰা 
গুটিদিয়েক বীজ আনি
ৰুই দিলো উকা পথাৰত
ছটিয়াই দিলো
হৃদয়ৰ সমস্ত অনুভূতি
পূর্ণতাৰ বাবে সাৰপানী
সাৰপানী পাই শব্দবীজবোৰ
পুলি কবিতা একোটা হৈ
গজালি মেলে 
আৰু ৰজাঘৰীয়া পৃষ্ঠপোষকতাত
অবৈধভাৱে জন্মা অপতৃণবোৰ
নিজেই উভালে
একমাত্র শান্তিৰ বাবে ।

No comments:

Post a Comment