Friday 19 August 2011

কবিতাবোৰ অসুস্থ হৈ আছে






মোৰ সেউজীয়া সপোনবোৰ
হালধীয়া হোৱাৰ আগলৈকে
যিবোৰ কবিতাই
সহবাস কৰিছিল মোৰ স’তে

মোৰ প্রিয়াৰ অনুপস্থিতিত
আড্ডা মাৰিছিল মোৰ স’তে

সম্প্রতি সেই কবিতাবোৰ
ডায়েৰীৰ পাতৰ মাজত
অসুস্থ হৈ পৰি আছে ।


No comments:

Post a Comment