Friday 19 August 2011

নতুন দিনবোৰ আহি আছে






এটোপাল দুটোপালকৈ দিনবোৰ নিগৰিছে
কেলেণ্ডাৰৰ পাতবোৰ শেষ হৈ গৈ আছে
নতুন দিনত ধুনীয়া ছোৱালিবোৰে
প্রেমিক সলাই লোৱাৰ দৰে
নগৰখনেও  পুৰণি কাপোৰ সলাই 
এযোৰ অভিজাত কাপোৰ পিন্ধিছে 
বেলিটোৱে নতুন দিনবোৰৰ বাবে
তাৰ পোহৰৰ ৰংটো সলাইছে
প্রেমিক-প্রেমিকাবোৰে
নতুন ৰেষ্টোৰাত বহা আৰম্ভ কৰিছে
বাতৰি কাকতবোৰে পুৰণি বাতৰিকে
নতুনকৈ সজাই ছপোৱাত ব্যস্ত হৈছে
বজাৰত এইকেইদিন সাংঘাতিক ভিৰ
চাৰিআলিটোৰ ব্যস্ততাও দুগুণ বাঢ়িছে
চৌদিশে নতুন নতুন হৈ গৈছে
কিয়নো নতুন দিনবোৰ আহি আছে ।

(১লা জানুৱাৰী উপলক্ষে লিখা)

No comments:

Post a Comment