Friday 19 August 2011

কাক মই কম আজি






কাক মই কম আজি
মোৰ অশান্ত মনৰ কথা
কোনেনো শুনিব
মোৰ উত্তাল হৃদয়ৰ
হিমশীতল বেথা
এই জন অৰণ্যত
মই যে অকলশৰীয়া
চিনাকি পথৰ
অচিনাকি বাটৰুৱা
এই ব্যস্ত জগতত
দিব পাৰিবনে কোনোবাই
অলপ সময়
যাৰ ওচৰত মই
হৃদয় খুলি থম
ভগ্ন হৃদয়ৰ দুখবোৰ
সশব্দে পঢ়িবলৈ কম ।

No comments:

Post a Comment