Friday, 19 August 2011

কবিতাবোৰ অসুস্থ হৈ আছে






মোৰ সেউজীয়া সপোনবোৰ
হালধীয়া হোৱাৰ আগলৈকে
যিবোৰ কবিতাই
সহবাস কৰিছিল মোৰ স’তে

মোৰ প্রিয়াৰ অনুপস্থিতিত
আড্ডা মাৰিছিল মোৰ স’তে

সম্প্রতি সেই কবিতাবোৰ
ডায়েৰীৰ পাতৰ মাজত
অসুস্থ হৈ পৰি আছে ।


ধুনীয়া ছোৱলীবোৰৰ কাষলৈ নাযাবা






হে প্রিয় বন্ধু
ধুনীয়া ছোৱলীবোৰৰ কাষলৈ নাযাবা
তোমাৰ ভালৰ বাবেহে কৈছোঁ
একে জাতৰ হোৱাৰ খাতিৰতে কৈছোঁ


তুমি ভবাৰ দৰে
ধুনীয়া ছোৱলীবোৰ ধুনীয়া নহ'বও পাৰে
এটি ধুনীয়া দেহৰ আঁৰৰ হৃদয়খন 
ধুনীয়াই হ'ব বুলিতো কোনো কথা নাই
জঘন্যতম অধুনীয়াও হ'ব পাৰে
ধুনীয়া ফুল পাহৰ তলত লুকাই থকা
ফেঁটী সাপ ডালৰ দৰে
সুবিধা পালেই খোঁট মাৰিব পাৰে
তোমাৰ বুকুৰ মাজভাগত

আৰু যদি মোৰ কথা নুশুনি
ধুনীয়া ছোৱলীবোৰৰ কাষলৈ যোৱা
ধুনীয়া ছোৱলীজনীৰ ওচৰত থাকি
তুমি নিজকে এটি প্রশ্ন সুধিবা-
"ধুনীয়া ছোৱলীজনী অন্তৰৰ পৰা ধুনীয়ানে ?"
উত্তৰটো কিন্তু নিজৰ পৰা শুদ্ধকৈ ল'বা
নহ'লে নিজৰ  হৃদয়খন  হেৰুৱাবা


হে প্রিয় বন্ধু
তোমাৰ ভালৰ বাবে আৰু এটি কথা কও
ধুনীয়া ছোৱলীবোৰৰ ওচৰত
তোমাৰ হৃদয়খন বন্ধকত নথবা
আৰু মৰম-ভালপোৱা সাঁচি ৰখা
বাকচটোৰ চাবিপাত
ধুনীয়া ছোৱলীজনীক চমজাই নিদিবা
কেতিয়াবা সৰ্বস্ব লুটি নিব পাৰে
নিজৰ দুৰ্বলতাক প্ৰ্কাশ নকৰিবা
চুৰীৰে ঘাত কৰিব পাৰে
ছেগ বুজি তোমাৰ দুৰ্বলতাত


কথাখিনি তোমাৰ ভালৰ বাবেহে ক’লো
কথাখিনি মনত ৰাখিবা
ধুনীয়া ছোৱালীবোৰৰ আগত কিন্তু
কথাখিনি মই কোৱা বুলি নকবা
সিঁহতক যে মোৰ খুবেই ভয় লগে

(অন্তৰৰ পৰা ধুনীয়া ছোৱালীবোৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰে)

অনুভৱৰ পংক্তি






নির্জনতাত ভাঁহি আহে লেখহীন ভাব
অলেখ অনুভূতি হৃদয়ৰ

বুকু জুৰি থাকে বৈ
শব্দৰ এখনি নিৰৱধি নৈ

সৃষ্টিৰ কামনাত সেউজীয়া ভাবনাত
জন্ম হয় এটি প্রত্যাশিত কবিতাৰ ।

তুমি হয়তো নাজানা





তুমি হয়তো নাজানা
কিয় তো্মাক দেখিলে
ভাল লাগি যায় মোৰ

তোমাৰ বাবেই যে সাঁচিছো
মোৰ সেউজীয়া হৃদয়ত 
বাদামী ৰঙৰ ভালপোৱাবোৰ ।

একমাত্র শান্তিৰ বাবে





শব্দ ভৰাঁলৰ পৰা 
গুটিদিয়েক বীজ আনি
ৰুই দিলো উকা পথাৰত
ছটিয়াই দিলো
হৃদয়ৰ সমস্ত অনুভূতি
পূর্ণতাৰ বাবে সাৰপানী
সাৰপানী পাই শব্দবীজবোৰ
পুলি কবিতা একোটা হৈ
গজালি মেলে 
আৰু ৰজাঘৰীয়া পৃষ্ঠপোষকতাত
অবৈধভাৱে জন্মা অপতৃণবোৰ
নিজেই উভালে
একমাত্র শান্তিৰ বাবে ।

তোমাৰ সন্ধানত






মন গ'লেই এতিয়াও
খেপিয়াই খেপিয়াই
সন্ধান কৰোঁ
তোমাৰ অস্তিত্ব
মোৰ আধাপোৰা হৃদয়ত


এতিয়া উজাগৰী নিশা
তোমাৰ ধুনীয়া মুখাৱয়ব
শুই থাকে মোৰ স'তে
গাৰুটোৰ ওপৰত
জীপাল কৰি ৰাখে
সমগ্র নিশাটোকে ।

কেতিয়াবা সিহঁতে






কেতিয়াবা সিহঁতে
ভাঙি চুৰ মাৰ কৰি দিয়ে
জীয়া মানুহৰ সপোন
বোৱাই দিয়ে তেজৰ নদী
বাৰুদ ঢালি দিয়ে
পানী খোৱা পাত্রত
কাঢ়ি লৈ যায়
জীয়াই থকাৰ অধিকাৰ
স্বাধীনতাৰ কথা কৈ
নিঃশেষ কৰে স্বাধীনতা
শান্তিৰ আশ্বাস দি
ৰক্ত বিন্দু শুহি
কবৰ দিয়ে মানৱ্তা
এইদৰে সিহঁতে
লিখি যায় তেজেৰে
সভ্যতাৰ-
নে বর্বৰতাৰ ইতিহাস ?