Friday, 19 August 2011

তাই যে সাঁতুৰিব জানে






মোৰ হৃদয় পুখুৰীত 
তাই গা ধোৱে
পুখুৰীৰ পাৰত 
এখন এখনকৈ খুলি থয়
দেহৰ সকলো্বোৰ কাপোৰ 
মনে মনে সো্মাই যায় 
পুখুৰীটোৰ মাজভাগলৈ
চলাই যায় তাণ্ডব 
গা ধোৱাৰ অন্তত
শোকে খুন্দা মাৰি দিয়ে
পানীবোৰ বৈ যায় ...
তাইৰ কিন্তু একো্কে নহয়
তাই যে সাঁতুৰিব জানে ।



মদিৰা







প্রেম মোৰ জীৱনৰ মদিৰা
কবিতা মদিৰা পি খোৱা গিলাচ

বাৰে বাৰে পৰো প্রেমত
জমা কৰি থও মদিৰাবোৰ
বাৰে বাৰে প্রতাৰিত হও
মদিৰাবোৰ ঢালি থও গিলাচত

যিয়ে মোক ভাল পায়
মই দিয়া গিলাচটো ভাল পায় 
মদিৰাবোৰ পি খায়

যিয়ে মোক ভাল পায়
মদিৰাবোৰ পি খাই ভাল পায়
মই দিয়া গিলাচটো সাঁচি থয় ।

মকৰা







সৌ মকৰা বোৰে জাল গুঠিছে
এডাল এডালকৈ টানি আছে সূতা

আমাৰ দৰে পতংগবোৰক জালত পেলাই 
নিজৰ স্বা্ৰ্থ সিদ্ধিৰ বাবেই 
সিঁহতে জাল গুঠে
সিঁহতৰ ঠেংবোৰৰ দৰে 
সম্প্রসাৰিত সিহতৰ আকাঙখা
সিহতে ভাবি নাচায় এবাৰো
আমাৰ দৰে ক্ষুদ্র পতংগবোৰৰ কথা

সেয়েহে আমি ক্ষুদ্র পতংগবোৰে
এটি আন্দোলন কৰিব লাগে
স্বা্ৰ্থপৰ মকৰা বোৰৰ বিৰুদ্ধে
কিয়োনো-
আমি ক্ষুদ্রজীৱ হ'লেও
আমাৰো জীয়াই থকাৰ অধিকাৰ অছে
আমাৰো সপোন দেখাৰ অধিকাৰ অছে।

কবিতা বেয়া পোৱা জনলৈ





তুমি কবিতা বেয়া পোৱা
কবিতাই তোমাক ভাল পায়

তুমি কবিতা পঢ়ি ভাল নোপোৱা
কবিতাই তোমাক প্রায়েই পঢ়ে

তুমি কবিতা বুজিব নিবিচৰা
কবিতাই তোমাক বুজি পায়

তুমি কবিতা দেখিলে পলোৱা
কবিতাই তমাক বিচাৰি ফুৰে

তুমি কবিতাক উপলুঙা কৰা
কবিতাই তোমাক প্রশংসা কৰে

তুমি কবিতাৰ খবৰ নল'লেও
কবিতাই সদায় তোমাৰ খবৰ লয়

তুমি কবিতা বেয়া নাপাবা
কবিতাই তোমাক খুব ভাল পায় ।

তোমালৈ






বিষাদৰ দোপালপিটা বৰষুণ
নামি আহিলেও
মোৰ জীৱনলৈ
চিৰশাশ্বত হৈ ৰব 
তোমাৰ হেঙুলী্যা স্মৃতি 
হৃদয়ৰ তমসাচ্ছন্ন প্রান্তত

স্বীকাৰোক্তি







সম্প্রতি তোমাৰ মিঠা হাঁহিটোৱে
হৃদয়ত বঢ়ায় যন্ত্রণা দুগুণ

কোনেও নজনাকৈ তোমাৰ হাঁহিটোৱে
বকুলৈ নমাই আনে বিষ-বৰষু্ণ

আৰু এখন নৈৰ সৃষ্টি হ’ল






তুমি আৰু মই
মই আৰু তুমি
তোমাৰ আৰু মোৰ মাজেৰে
বৈ গৈছিল এখন নৈ
এখন প্রেমৰ নৈ

তুমি আছিলা নৈ খনৰ সিটো পাৰে
আৰু মই ইটো পাৰে
মই ভাবিছিলো
নৈ খন সাবটি লোৱাৰ কথা
নৈ খনৰ সিটো পাৰে থকাৰ কথা
পিছে ভয় লাগিছিল
কিজানিবা নৈ খনে মোক উটুৱাই নিয়ে
হয়
নৈখনে মোক সঁচাকৈয়ে উটুৱাই নিছিল

নৈ খনে মোক উটুৱয়াই নিয়া বাবে
সৃষ্টি হৈছিল আৰু এখন নৈৰ
কিন্তু দ্বিতীয়খন নৈৰ সৃষ্টি কোনে কৰি্লে ?
তুমি ?
নে, প্রথমখন নৈয়ে...?


পৰিশিষ্ট: দ্বিতীয়খন নৈ
      এতিয়াও আছে বৈ
      দুখৰ দিনৰ নীৰৱ সাক্ষী হৈ ।