Friday 19 August 2011

তেওঁ আহিছিল মোৰ অট্টালিকাটোলৈ






তেওঁ আহিছিল মোৰ অট্টালিকাটোলৈ
চিৰি বগাই উঠিছি
মোৰ বিশাল অট্টালিকাত

তেওঁ যদিও
মোৰ ঘৰলৈ বুলিয়ে আহিছিল
সৌজ্যনতাৰ খাতিৰত
অনুমতি বিচাৰিছিল মোৰ পৰা
"সোমাব পাৰোনে ?"


লগে লগে হাঁহি এটা মাৰি
সহাঁৰি দিছিলো তেওঁলৈ
(তেওঁ যে মোৰ ঘৰৰ
বহু দিনৰ কাঙ্খিত আলহী)

তেওঁ মোৰ ঘৰলৈ আহোতে
বহুতে বাট আগচি ধৰিছিল তেওক
হয়তো ইচ্ছা আছিল সিঁহতৰো
তেওঁক আলহী কৰি লোৱাৰ
তেও কিন্তু মান্তি নহ'
চিধাই মোৰ ঘৰলৈহে আহিল

তেওঁৰ আতিথ্য ভালদৰেই কৰিছিলো
স্বাধীনতা দিছিলো তেওঁক
মোৰ অট্টালিকাটোত অবাধ বিচৰণৰ
শেষত গোটেই  অট্টালিকাটোকে
উইল কৰি দিছিলো তেওঁৰ নামত

তথাপিত তেওঁ . . .
কেইদিনমান পিছতে গুছি গ'
মোৰ বিশাল অট্টালিকা্টোৰ পৰা
তেওঁ যোৱাৰ লগে লগে
বিস্ফোৰিত হ'ল মোৰ অট্টালিকা

ধ্বংসস্তুপত পৰিণত হ'
এটি বিশাল অট্টালিকা
আৰু অর্ধমৃত হৈ ৰ'লো
অট্টালিকাটোৰ গৃহস্থ ।

No comments:

Post a Comment