Friday 19 August 2011

আৰু এখন নৈৰ সৃষ্টি হ’ল






তুমি আৰু মই
মই আৰু তুমি
তোমাৰ আৰু মোৰ মাজেৰে
বৈ গৈছিল এখন নৈ
এখন প্রেমৰ নৈ

তুমি আছিলা নৈ খনৰ সিটো পাৰে
আৰু মই ইটো পাৰে
মই ভাবিছিলো
নৈ খন সাবটি লোৱাৰ কথা
নৈ খনৰ সিটো পাৰে থকাৰ কথা
পিছে ভয় লাগিছিল
কিজানিবা নৈ খনে মোক উটুৱাই নিয়ে
হয়
নৈখনে মোক সঁচাকৈয়ে উটুৱাই নিছিল

নৈ খনে মোক উটুৱয়াই নিয়া বাবে
সৃষ্টি হৈছিল আৰু এখন নৈৰ
কিন্তু দ্বিতীয়খন নৈৰ সৃষ্টি কোনে কৰি্লে ?
তুমি ?
নে, প্রথমখন নৈয়ে...?


পৰিশিষ্ট: দ্বিতীয়খন নৈ
      এতিয়াও আছে বৈ
      দুখৰ দিনৰ নীৰৱ সাক্ষী হৈ ।

No comments:

Post a Comment