Friday, 19 August 2011

ধুনীয়া ছোৱলীবোৰৰ কাষলৈ নাযাবা






হে প্রিয় বন্ধু
ধুনীয়া ছোৱলীবোৰৰ কাষলৈ নাযাবা
তোমাৰ ভালৰ বাবেহে কৈছোঁ
একে জাতৰ হোৱাৰ খাতিৰতে কৈছোঁ


তুমি ভবাৰ দৰে
ধুনীয়া ছোৱলীবোৰ ধুনীয়া নহ'বও পাৰে
এটি ধুনীয়া দেহৰ আঁৰৰ হৃদয়খন 
ধুনীয়াই হ'ব বুলিতো কোনো কথা নাই
জঘন্যতম অধুনীয়াও হ'ব পাৰে
ধুনীয়া ফুল পাহৰ তলত লুকাই থকা
ফেঁটী সাপ ডালৰ দৰে
সুবিধা পালেই খোঁট মাৰিব পাৰে
তোমাৰ বুকুৰ মাজভাগত

আৰু যদি মোৰ কথা নুশুনি
ধুনীয়া ছোৱলীবোৰৰ কাষলৈ যোৱা
ধুনীয়া ছোৱলীজনীৰ ওচৰত থাকি
তুমি নিজকে এটি প্রশ্ন সুধিবা-
"ধুনীয়া ছোৱলীজনী অন্তৰৰ পৰা ধুনীয়ানে ?"
উত্তৰটো কিন্তু নিজৰ পৰা শুদ্ধকৈ ল'বা
নহ'লে নিজৰ  হৃদয়খন  হেৰুৱাবা


হে প্রিয় বন্ধু
তোমাৰ ভালৰ বাবে আৰু এটি কথা কও
ধুনীয়া ছোৱলীবোৰৰ ওচৰত
তোমাৰ হৃদয়খন বন্ধকত নথবা
আৰু মৰম-ভালপোৱা সাঁচি ৰখা
বাকচটোৰ চাবিপাত
ধুনীয়া ছোৱলীজনীক চমজাই নিদিবা
কেতিয়াবা সৰ্বস্ব লুটি নিব পাৰে
নিজৰ দুৰ্বলতাক প্ৰ্কাশ নকৰিবা
চুৰীৰে ঘাত কৰিব পাৰে
ছেগ বুজি তোমাৰ দুৰ্বলতাত


কথাখিনি তোমাৰ ভালৰ বাবেহে ক’লো
কথাখিনি মনত ৰাখিবা
ধুনীয়া ছোৱালীবোৰৰ আগত কিন্তু
কথাখিনি মই কোৱা বুলি নকবা
সিঁহতক যে মোৰ খুবেই ভয় লগে

(অন্তৰৰ পৰা ধুনীয়া ছোৱালীবোৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰে)

1 comment: