Friday 19 August 2011

প্রহেলিকা, কেনে আছা তুমি




 

প্রহেলিকা, কেনে আছা তুমি 
বহুদিন লগ পোৱা নাই তোমাক
ভালে আছাতো . . .

তোমাৰ শূণ্যতাত মই পাৰ কৰিছোঁ
আন্ধাৰত তিতি থকা উজাগৰী নিশা
তোমালৈ বুলি সাঁচি ৰখা সেউজীয়া প্রেমবোৰ
বুকুত বান্ধি লৈ ফুৰিছোঁ মোৰ আভিশপ্ত যৌৱন
মোৰ হৃদয় নামৰ নার্ছিং হোমত
অন্তঃসত্ত্বা প্রেমবোৰৰ অস্ত্রোপ্রচাৰ কৰি
বাহিৰ কৰি আছো দুখৰ কবিতা
তোমাৰ সুখৰ আশাত আৰু দুখৰ চিন্তাত
পাঁৰ কৰোঁ মই প্রতিটো নিবিড় মূহূর্ত
তোমাৰ ৰূপালী দুওঁঠত হাঁহিৰ লেলিহান শিখাই
তোমাৰ সুখৰ খবৰ দিলে ভাল লাগে

প্রহেলিকা, কেনে আছা তুমি 
বহুদিন লগ পোৱা নাই তোমাক
ভালে আছাতো . . .
তুমি ভালে থকা বুলি শুনিলে ভাল লাগে
তুমি সুখত থকা বুলি শুনিলে ভাল লাগে ।

No comments:

Post a Comment